দেশৰ আগশাৰীৰ মাইনিং কোম্পানী Vedanta Limited l এই জনপ্ৰিয় কোম্পানী Vedanta Limited য়ে কিছু মাহৰ পৰা ঋণ পৰিশোধ কৰিব নোৱাৰা এক জটিল পৰিস্থিতত পৰি কিছু নিয়মৰ মাজেৰে চলিবলৈ বাধ্য় হৈছিল । কিন্তু বৰ্তমান কোম্পানীটোৱে এক্সচেঞ্জ ফাইলিঙৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনাই যে কোম্পানীৰ প্ৰমোটাৰ গ্ৰুপে গ্ৰহণ কৰা ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে Vedanta Limited য়ে। ইয়াৰ ফলত Vedanta Limited-ৰ ওপৰত আৰোপ কৰা সকলো অপাৰেচনেল নিষেধাজ্ঞা এতিয়া উঠাই লোৱা হৈছে।
উল্লেখ্য় যে ২৪ আগষ্ট ২০২৬ তাৰিখে Vedanta Limited-এ ইয়াৰ প্ৰমোটাৰ গ্ৰুপৰ প্ৰতিষ্ঠানসমূহ যেনে Vedanta Resources Limited, Twin Star Holdings Limited, Vedanta Holdings Mauritius II Limited আৰু Welter Trading Limited-ৰ পৰা লাভ কৰিছিল এক গুৰুত্বপূৰ্ণ তথ্য । ইয়াত জনোৱা হৈছিল যে প্ৰমোটাৰ গ্ৰুপে বিভিন্ন ‘ফেচিলিটি এগ্ৰিমেণ্ট’ অৰ্থাৎ ঋণ চুক্তি-ৰ অধীনত গ্ৰহণ কৰা সকলো ঋণ আৰু দায়বদ্ধতা সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ঋণ চুক্তিসমূহৰ চৰ্ত অনুসৰি Vedanta Limited-ৰ কিছুমান নিৰ্দিষ্ট কাম-কাজ আৰু কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও Vedanta Limited নিজে এই ঋণ চুক্তিসমূহৰ অংশীদাৰ নাছিল, তথাপিও প্ৰমোটাৰ গ্ৰুপৰ সদস্য হোৱাৰ বাবে কোম্পানীটোৱে এই চৰ্তসমূহ মানি চলিবলগীয়া হৈছিল।
এতিয়া ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰাৰ পিছত কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে, Vedanta Limited-ৰ ওপৰত আৰোপ কৰা সকলো নিষেধাজ্ঞা এতিয়া উঠাই লোৱা হৈছে।