Tue, 13 Oct 2026

গুৱাহাটীত বানাক্ৰান্ত লোকৰ বৃহৎ প্ৰতিবাদ

গুৱাহাটীৰ চাচলত বানাক্ৰান্ত লোকসকলে পৰ্যাপ্ত ক্ষতিপূৰণ আৰু সাহায্যৰ দাবীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদত শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি উজনি অসমৰ কেইবাখনো জিলাৰ শতাধিক বানপীড়িত লোকে অংশগ্ৰহণ কৰে। চৰকাৰৰ পৰা এতিয়াও প্ৰাপ্য সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

গুৱাহাটীৰ চাচলত বুধবাৰে বানাক্ৰান্ত লোকসকলে সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ। উজনি অসমৰ কেইবাখনো জিলাৰ পৰা অহা বানপীড়িত লোকসকলে পৰ্যাপ্ত ক্ষতিপূৰণ আৰু চৰকাৰী সাহায্য প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত শতাধিক বানপীড়িত লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ—বানপানীৰ তিনিমাহতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পাছতো চৰকাৰে তেওঁলোকক প্ৰাপ্য সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰা নাই।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটকে ধৰি কেইবাখনো বানাক্ৰান্ত জিলাৰ পৰা অহা লোকসকলে চাচলত সমবেত হৈ চৰকাৰবিৰোধী শ্লোগান দিয়ে। বানপানীত ঘৰ-দুৱাৰ আৰু কৃষিভূমি হেৰুৱাৰ পাছতো পৰ্যাপ্ত সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

 

P
Priyadarshini Saikia
Published: 23 September 2026, 06:07 PM