বৰ্তমান সময়ত শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে প্ৰায় সকলোৱেই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। সেয়েহে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবেই মানুহৰ স্ক্ৰীণ টাইমো বৃদ্ধি পাইছে। আনকি বহু শিশুৱেও মাজনিশা সাৰ পাই ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ই স্বাস্থ্য়ৰ বাবেও বহুত হানিকাৰক । ইয়াৰ সমাধান স্বৰুপে Meta Platforms-এ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ‘ডিজিটেল বেডটাইম’ ব্যৱস্থা পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে। ইয়াৰ অধীনত আজি নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ শিশুসকলৰ বাবে এই প্লেটফৰ্মসমূহৰ ব্যৱহাৰত বাধা থাকিব। লগতে নিশা আৰু স্কুলৰ সময়ছোৱাত নোটিফিকেশ্যনৰ সংখ্যাও কমাই দিয়া হ’ব।
ছ’চিয়েল মিডিয়াত শিশুৰ সক্ৰিয়তা কমোৱাৰ বাবে প্ৰাপ্তবয়স্কসকলে কৰা পোষ্টত লাইকৰ সংখ্যা আৰু ৰিয়েকশ্যনৰ সংখ্যা দেখুওৱা নহ’ব। ইয়াৰ উপৰি কিশোৰ-কিশোৰীসকলৰ বাবে কছমেটিক ছাৰ্জাৰী সম্পৰ্কীয় ফিল্টাৰ নিষিদ্ধ কৰা হ’ব। বয়স নিশ্চিতকৰণ ব্যৱস্থা আৰু পেৰেণ্টেল কণ্ট্ৰ’ল অধিক শক্তিশালী কৰা হ’ব। মেটাই ইনফিনিট-স্ক্ৰ’ল অভিজ্ঞতাতো বাধা সৃষ্টি কৰিব, যাতে ব্যৱহাৰকাৰীয়ে অনবৰতে স্ক্ৰ’ল কৰি নাথাকে। কিশোৰ-কিশোৰীসকলক ব্যক্তিগতকৰণ নকৰা ফীড ব্যৱহাৰৰ বিকল্পও দিয়া হ’ব। অৰ্থাৎ কেৱল এলগৰিদমে তেওঁলোকৰ পছন্দ অনুমান কৰি সাজি দিয়া ফীডৰ পৰিৱৰ্তে তেওঁলোকে সাধাৰণ, নন-পাৰ্ছনেলাইজড ফীডো বাছি ল’ব পাৰিব। এতিয়ালৈকে এনেধৰণৰ এলগৰিদমিক ফীডৰ মূল উদ্দেশ্য আছিল ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীৰ এনগেজমেণ্ট বৃদ্ধি কৰা।
অৰ্থাৎ, যি ইনষ্টাগ্ৰাম আৰু ফেচবুকে আগতে মানুহক অধিক সময় প্লেটফৰ্মত থাকিবলৈ উৎসাহিত কৰিছিল, সেই একে প্লেটফৰ্মেই এতিয়া শিশুসকলক সময়মতে শুবলৈ সহায় কৰাৰ দিশত আগবাঢ়িছে। সুৰক্ষাৰ ক্ষেত্ৰত যি তথ্য সঠিক আৰু প্ৰমাণিত, সেই তথ্যহে ব্যৱহাৰকাৰীসকলক জনোৱা হ’ব।