Tue, 13 Oct 2026

এটা বিশেষ কলম- "মূল্য় ৯০ লাখ টকা"

ইটালীৰ বিখ্যাত বিলাসী কলম নিৰ্মাতা কোম্পানী মণ্টেগ্ৰাপা (Montegrappa)-ই নিৰ্মাণ কৰি উলিয়াইছে এটি বিশেষ ফাউণ্টেইন কলম। আপোনালোকে জানেনে কলমটোৰ মূল্য কিমান ? ৯৫ হাজাৰ ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৯০ লাখ টকা।

মূল্যই আচৰিত কৰি তুলিলেও আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল যে বজাৰত মুকলি কৰাৰ লগে লগেই কলমটো বিক্ৰী হৈ যায়। এতিয়া জানো আহক, এই পেনটোত এনে কি বিশেষত্ব আছে যে ইয়াৰ মূল্য ইমান বেছি।

৪.৫ বিলিয়ন বছৰ পুৰণি উল্কাপিণ্ডৰ টুকুৰাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৯০ লাখ টকীয়া কলমটো ।
এই লৌহ উল্কাপিণ্ডটো ছুইডেনত পোৱা গৈছিল আৰু ইয়াক Muonionalusta নামেৰে জনা যায়। উল্কাপিণ্ডৰ এই বিৰল টুকুৰাৰ সৈতে ১৮ কেৰেট সোণ সংযোজন কৰি প্ৰস্তুত কৰা হৈছে বিলাসী ফাউণ্টেইন কলমটো।

কলমটো অতি সূক্ষ্মভাৱে হাতেৰে পলিচ কৰা হৈছে। এই বিশেষ পলিচিঙৰ ফলত উল্কাপিণ্ডৰ ভিতৰত থকা লোহা আৰু নিকেলৰ প্ৰাকৃতিক গঠন স্পষ্ট আৰু সুন্দৰভাৱে দেখিবলৈ পোৱা গৈছে।

নিখুঁত কাৰুকাৰ্য আৰু বিৰল সামগ্ৰীৰ সংমিশ্ৰণে কলমটোক এক অনন্য ৰূপ দিছে।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 15 September 2026, 05:09 PM