Tue, 13 Oct 2026

আজি ৰাখী পূৰ্ণিমা

আজি ৰাখী পূৰ্ণিমা l আজিৰ দিনটোত  হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এইবাৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হৈছে এই পবিত্ৰ দিনটো ।

আজি ৰাখী পূৰ্ণিমা l আজিৰ দিনটোত  হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এইবাৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হৈছে এই পবিত্ৰ দিনটো । সমান্তৰালভাৱে আজিৰ এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী পিন্ধায় । এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েকৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। 
 
লোকবিশ্বাস অনুসৰি, আজিৰ এই পবিত্ৰ দিনটোত দেৱী দুৰ্গাৰ ৰূপত সন্তুষি মায়ে জন্ম লৈছিল । বিশেষভাৱে সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত জোনাকি ছবি গৃহৰ প্ৰাংগনত মা সন্তুষি নামত এটা মন্দিৰ প্ৰতিষ্ঠিত কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতিটো বছৰত এই ৰাখী পূৰ্ণিমাৰ দিনটোতে জন্ম তিথি হিচাপে বহুত দূৰ দূৰণীৰ পৰা ভক্ত আহি পূজা অৰ্চনা কৰে । 

পুৱাৰ ভাগত আই মাতৃ সকলে হাতত কলহ লৈ নৈৰ পৰা পানী তুলি আনি সন্তুষি মাৰ মূৰ্তি ওচৰত প্ৰতিষ্ঠা কৰে । প্ৰায় লক্ষাধিক ভক্তই মন্দিৰৰ সন্মুখতে শংখ , তাল আদিকে ধৰি মুখত সন্তুষি মাৰ গীত মাতেৰে আৰতি কৰে । আজিৰ এই পবিত্ৰ দিনত মা সন্তুসিৰ আশীষ লৈ হোম যজ্ঞৰো আয়োজন কৰা হয় । 


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 27 August 2026, 05:52 PM