Tue, 13 Oct 2026

 প্ৰেম... বিশ্বাস... আৰু একেলগে আগবাঢ়ি যোৱাৰ ২০টা বছৰ

দক্ষিণ ভাৰতীয় তাৰকা দম্পতী... সূৰ্য আৰু জ্যোথিকাই উদযাপন কৰিলে... তেওঁলোকৰ দাম্পত্য জীৱনৰ এক বিশেষ মাইলষ্টোন

২০ বছৰীয়া বৈবাহিক জীৱনক স্মৰণীয় কৰি তুলিবলৈ... পৰিয়াল, সন্তান আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত... এক অন্তৰংগ অনুষ্ঠানত পুনৰ বিবাহৰ শপত গ্ৰহণ কৰে দুয়োগৰাকীয়ে।

সময় সলনি হ’ল... জীৱনৰ বহু পৰ্যায় পাৰ হৈ গ’ল...
কিন্তু ইজনে-সিজনৰ প্ৰতি থকা মৰম... আৰু সংগৰ বন্ধন... যেন আজিও একেই আছে।

এই বিশেষ অনুষ্ঠানত... পুনৰ এবাৰ... ইজনে-সিজনৰ সৈতে জীৱনজোৰা সংগৰ প্ৰতিশ্ৰুতি আগবঢ়ালে সূৰ্য আৰু জ্যোথিকাই।

দুটা দশকৰ এই সুন্দৰ যাত্ৰা...
প্ৰেম, পৰিয়াল... আৰু একেলগে সপোন দেখাৰ... এক মিঠা কাহিনী।

তাৰকা দম্পতীহালৰ এই বিশেষ মুহূৰ্তই...
অনুৰাগীৰ মাজতো কঢ়িয়াই আনিছে... আনন্দ, ভালপোৱা... আৰু এক সুন্দৰ অনুভৱ।


P
Priyadarshini Saikia
Published: 16 September 2026, 07:25 PM