ৰাষ্ট্ৰমণ্ডল ক্ৰীড়াৰ ৰোমাঞ্চ শেষ হোৱাৰ পিছত এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত এছিয়ান গেমছৰ উন্মাদনা আৰম্ভ হ’বলৈ গৈ আছে। জাপানৰ আইচি-নাগোয়াত ১৯ ছেপ্টেম্বৰৰ পৰা এছিয়ান গেমছ ২০২৬ত আৰম্ভ হ’ব আৰু ৪ অক্টোবৰলৈকে চলিব এই ক্ৰীড়া সমাৰোহ ।
জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছে ২০২৬ৰ বাবে ভাৰতে ৪৯২ গৰাকী সদস্যৰ দলক অনুমোদন জনোইছে । এই দলটোত ৭৩ গৰাকী এথলেটিকছক অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য় যে এছিয়ান গেমছ ২০২৬ৰ ভাৰতীয় এথলেটিকছ দলৰ নেতৃত্ব দিব দুবাৰকৈ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই । পুৰুষৰ জেভেলিন থ্ৰ’ত একেৰাহে তৃতীয়বাৰৰ বাবে সোণৰ পদক বিজয়ী ঐতিহাসিক হেট্ৰিক সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নীৰজ চোপ্ৰা । ভাৰতীয় এথলেটিকছৰ এই বৃহৎ দলটোৰ পৰা দেশবাসীয়ে বহু পদকৰ আশা কৰিছে।
ভাৰতীয় এথলেটিকছ দলত হাংঝৌ এছিয়ান গেমছৰ ১৬ গৰাকী পদক বিজয়ীক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত পাঁচগৰাকী শীৰ্ষ চেম্পিয়নে নিজৰ খিতাপ ৰক্ষা কৰাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোত হাংঝৌ ২০২৩ৰ সোণৰ পদক বিজয়ী অবিনাশ ছাবলে, তেজিন্দৰপাল সিং তুৰ, পাৰুল চৌধুৰী আৰু অন্নু ৰাণীও আছে। তেওঁলোকেও এছিয়ান গেমছত নিজৰ নিজৰ খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰিব।