চাইড ষ্ট্ৰেইনৰ বাবে আগন্তুক এছিয়ান গেমছ ২০২৬ত খেলিব নোৱাৰিব তাৰকা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে।
আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল ৩৫ বছৰীয়া স্পিনাৰগৰাকী।
ছেপ্টেম্বৰ ১৩ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত মেচখনত ভাৰতৰ সাত উইকেটৰ জয়ত বৰুণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চাৰিটা অভাৰত মাত্ৰ ১৬ ৰান দি এটা উইকেট দখল কৰাৰ পিছতে চাইডত অস্বস্তি অনুভৱ কৰে তেওঁ।
আঘাতৰ বাবে দ্বিতীয়খন মেচত খেলিব নোৱাৰা বৰুণে ছেপ্টেম্বৰ ১৭ তাৰিখৰ তৃতীয়খন মেচতো অংশ ল’ব নোৱাৰিব। ইতিমধ্যে প্ৰথম দুখন মেচত জয়লাভ কৰি ভাৰতে শৃংখলা নিশ্চিত কৰিছে।
ইফালে, বৰুণৰ বিকল্প হিচাপে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাৰ দৌৰত আগবাঢ়িছে দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ বিপ্ৰজ নিগম। অৱশ্যে তেওঁৰ অন্তৰ্ভুক্তিৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই।
বৰুণৰ অনুপস্থিতিত বলিং আক্ৰমণত সুযোগ লাভ কৰিছে ৰবি বিষ্ণোইয়ে আনহাতে, নীতিশ কুমাৰ ৰেড্ডীয়েও বলিঙেৰে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে।