অসমৰ ক্ৰিকেট খেলুৱৈ সকলৰ বাবে আন এক সুখবৰ ।
দেশৰ ভিতৰত অত্যাধুনিক ইনড'ৰ ক্ৰিকেট ফেচিলিটী মুকলি হ'ল উত্তৰ গুৱাহাটীত । উত্তৰ গুৱাহাটী ফুলুঙত অৱস্থিত ACA ক্ৰিকেট একাডেমীত এতিয়াৰে পৰা অত্যাধুনিক পদ্ধতিৰে ক্ৰিকেটাৰ সকলে ল'ব পাৰিব বছৰজোৰা প্ৰশিক্ষণ । ১৭,০০০ বৰ্গফুটৰ ক্ৰিকেট ফেচেলিটী মুকলি কৰিলে BCCI ৰ সচিব দেৱজিৎ লন শইকীয়াই ।
মুঠ ৯ খন প্ৰেকটিছ উইকেট উপলব্ধ থকা এই Indoor ষ্টেডিয়ামখন দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰেকটিছিং Indoor ষ্টেডিয়াম হিচাপে ঘোষণা কৰিলে বিচিচিআইৰ সচিবে । য'ত ৪ খন স্পিন বলিং উইকেট আৰু ৫ খন ফাষ্ট বলিং উইকেট উপলব্ধ হ'ব ।অত্যাধুনিক সুবিধা উপলব্ধ থকা এই প্ৰেকটিছিং উইকেটৰ প্ৰয়োজনীয় সামগ্ৰী অনা হৈছে USA ,কানাডাৰ আৰু অষ্ট্ৰেলিয়াৰ পৰা ।
এই Indoor ষ্টেডিয়ামখনৰ বাবে দুটা স্পীন বলিং আৰু এটা ফাষ্ট বলিং মেচিনৰ লগতে এটা বলিং স্পিদ' মিটাৰো অনা হৈছে এই মেচিনসমুহ অনা হৈছে ইউৰোপ আৰু আমেৰিকাৰ পৰা।
অহা ৩০ছেপ্টেম্বত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দিবা-নৈশ ক্ৰিকেট মেটছখনৰ বাবে ভাৰতীয় ক্ৰিকেট দলটি শীঘ্ৰে ঘোষণা কৰা হব বুলি উল্লেখ কৰে BCCI ৰ সাচিব জনে। লগতে অহা বছৰ ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ অনুষ্ঠিত হবলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ Boarder Gaveskar ট্ৰফীৰ তৃতীয়খন টেষ্ট ক্ৰিকেট মেটচ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথাও প্ৰকাশ কৰে সচিব জনে ।