Tue, 13 Oct 2026

৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাত হাইভল্টেজ ODI, খেলপথাৰত দেখা যাব ৰোহিত-বিৰাট-গীল-জাদেজাক

৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব ODI শৃংখলাৰ দ্বিতীয়খন মেচ। দিনৰ ২ বজাৰ পৰা হ’বলগীয়া মেচখনৰ ভাৰতীয় দলত আছে ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল আৰু ৰবীন্দ্ৰ জাদেজা। শুভমন গীলৰ নেতৃত্বত ঘোষিত দলটোক লৈ গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ মাজত ইতিমধ্যে উৎসাহ বৃদ্ধি পাইছে।

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে ডাঙৰ খবৰ। অহা ৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া ODI শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখন আৰম্ভ হ’ব দিনৰ ২ বজাত।

এই মেচখনৰ বাবে ঘোষিত ভাৰতীয় ODI দলত আছে ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল আৰু ৰবীন্দ্ৰ জাদেজা। শুভমন গীলক দলৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছে।

অৰ্থাৎ ৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাৰ খেলপথাৰত একেলগে দেখা পোৱাৰ সম্ভাৱনা আছে ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰাকীও তাৰকা খেলুৱৈক।

ইতিমধ্যে গুৱাহাটীত মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উৎসাহ বৃদ্ধি পাইছে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাইভল্টেজ ODIক লৈ এতিয়া অপেক্ষা ক্ৰিকেট অনুৰাগীৰ।

 

 


P
Priyadarshini Saikia
Published: 25 September 2026, 05:27 PM