Tue, 13 Oct 2026

গোৱালপাৰা চহৰৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত  সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল

গোৱালপাৰাৰ ঘনবসতিপূৰ্ণ এলেকা সংৰক্ষিত বনাঞ্চলৰ পৰা বাদ দিয়াৰ দাবী ৰকিবুল হুছেইনৰ

গোৱালপাৰা চহৰৰ ১৯ নম্বৰ ৱাৰ্ডসহ চহৰখনৰ কাষৰীয়া একাংশ এলেকাক সংৰক্ষিত বনাঞ্চল আৰু উদ্যোগিক ব্লকৰ অন্তৰ্ভুক্ত কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া   সাংসদ ৰকিবুল হুছেইনৰ। 

বিষয়টোক লৈ আজি গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত সংবাদমেলত সাংসদগৰাকীয়ে অভিযোগ কৰে যে, স্থানীয় ৰাইজক আপত্তি দাখিল আৰু নিজৰ বক্তব্য দাঙি ধৰাৰ পৰ্যাপ্ত সুযোগ নিদিয়াকৈ ভূমি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পূৰ্বে সংশ্লিষ্ট এলেকাৰ ৰাইজক জাননী প্ৰদান, শুনানি গ্ৰহণ আৰু ওজৰ-আপত্তি নিষ্পত্তিৰ নিয়ম মানি চলিব লাগে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

ইয়াৰ উপৰি ভূমি পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পূৰ্বে যথাসময়ত জাননী প্ৰদান নকৰাৰ অভিযোগো উত্থাপন কৰে ৰকিবুল হুছেইনে।

সাংসদগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে সময় দিলে স্থানীয় ৰাইজক লগত লৈ তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো আলোচনা কৰিব।

ঘনবসতিপূৰ্ণ এলেকাত উদ্যোগ স্থাপন নকৰি খালী ভূমি নিৰ্বাচন কৰি উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায় সাংসদ ৰকিবুল হুছেইনে।


P
Priyadarshini Saikia
Published: 05 September 2026, 11:06 AM