বিজেপিৰ সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ কৰিলে অসমৰ জনপ্ৰিয় শিল্পী তথা বিজেপি নেতা সীমান্ত শেখৰে। বিজেপিৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যপদৰ লগতে দলৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰিছে তেওঁ।
ইয়াৰ সমান্তৰালভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিছে সীমান্ত শেখৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ।
পদত্যাগৰ কাৰণ হিচাপে সীমান্ত শেখৰে ব্যক্তিগত কাৰণ উল্লেখ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্তৰ সৈতে বিজেপিৰ মতাদৰ্শ, নীতি বা কোনো ব্যক্তিৰ প্ৰতি অসন্তুষ্টিৰ সম্পৰ্ক নাই। লগতে ভৱিষ্যতে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহোৱাৰ কথাও তেওঁ উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সীমান্ত শেখৰক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।