মেঘালয়ৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি, অৰ্থাৎ ইউডিপিৰ ৮গৰাকী বিধায়কে নতুন দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ সম্বিত পাত্ৰৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।
বিজেপিত যোগদান কৰা ৮গৰাকী বিধায়ক হৈছে লখমেন ৰিম্বুই, পিয়াছ মাৰৱেইন, কিৰ্মেন শ্যল্লা, মায়ৰালবৰ্ণ ছিয়েম, মেথিউ কুৰ্বাহ, ওলান সিং ছুইন, বালাজিড কুপাৰ ছিনৰেম আৰু ছিনশাৰ কুপাৰ ৰয় লিংদোহ থবাহ।
এই ৮গৰাকী বিধায়কৰ যোগদানৰ পাছত ৬০ জনীয়া মেঘালয় বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা ২ৰ পৰা ১০লৈ বৃদ্ধি পালে। আনহাতে, ইউডিপিৰ বিধায়কৰ সংখ্যা ১২ৰ পৰা ৪লৈ হ্ৰাস পালে।
বিজেপিত যোগদানৰ পূৰ্বে বিধায়কসকলে মেঘালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত খাচি ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা, কয়লা খনন সম্পৰ্কীয় বিষয়, Meghalaya Residents Safety and Security Act ৰূপায়ণ আৰু থেম ইৱ মাওলংস্থিত হৰিজন কলনী স্থানান্তৰৰ বিষয় উল্লেখযোগ্য।
৮গৰাকী বিধায়কৰ দলবদলৰ পাছত মেঘালয়ৰ বিধানসভাৰ ৰাজনৈতিক সমীকৰণত পৰিৱৰ্তন ঘটিছে।