মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদৰ সময়ত কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই যোৱাৰ চেষ্টা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গৌৰৱ গগৈসহ কেইবাগৰাকীও কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে।
আটকৰ সময়ত গৌৰৱ গগৈয়ে আৰক্ষীৰ সৈতে যাবলৈ অস্বীকাৰ কৰি মাটিত বহি পৰে। পিছত আৰক্ষীয়ে তেওঁক উঠাই লৈ যায়। ঘটনাৰ দৃশ্য সামাজিক মাধ্যমতো ভাইৰেল হৈছে।
ইফালে, গৌৰৱ গগৈয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে ভোটাৰৰ কণ্ঠ দমন কৰাৰ চেষ্টা কৰিছে। কংগ্ৰেছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাই আহিছে।
গৌৰৱ গগৈসহ কংগ্ৰেছ নেতাসকলক আটক কৰাৰ পিছতে প্ৰতিবাদস্থলীত কংগ্ৰেছ কৰ্মীসকলে BJP Go Back শ্লোগান দিয়ে।
গুৱাহাটীৰ ৰাজপথত কংগ্ৰেছৰ এই প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।