টাটা টেকন’লজি আৰু চৰকাৰৰ বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলী ITIত শেহতীয়াকৈ মুকলি কৰা হৈছিল অত্যাধুনিক আন্তঃগাঁথনি। বৰ্তমান ইয়াত এবছৰীয়া ৰবটিক টেকনিচিয়ান আৰু দুবছৰীয়া বেচিক ডিজাইনাৰ ট্ৰেডৰ প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰোপযোগী তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
গাড়ী চলাই থকা অৱস্থাত চালকৰ টোপনি আহিলে চেন্সৰে স্বয়ংক্ৰিয়ভাৱে গাড়ীৰ গতি ৰোধ কৰাৰ লগতে এলাৰ্ম বজাই সজাগ কৰি তুলিব।
স্বয়ংক্ৰিয় ছ’লাৰ ট্ৰেকিং চিষ্টেম- সূৰ্যৰ গতিবিধিৰ সৈতে সংগতি ৰাখি নিজাববীয়াকৈ দিশ সলনি কৰিব পৰা সৌৰ পেনেল, যাৰ দ্বাৰা সৌৰ শক্তিৰ অপচয় ৰোধ হৈ সৰ্বোচ্চ বিদ্যুৎ আহৰণ সম্ভৱ হ’ব।
ঘৰুৱা সহায়কাৰী ৰবট- গৃহিণী আৰু অসুস্থ লোকসকলৰ সহায়ৰ অৰ্থে বিশেষ ৰবট, যিয়ে মানুহৰ গতি অনুসৰণ কৰি বজাৰ বা ঘৰুৱা সামগ্ৰী নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই লৈ যাব পাৰিব।
উক্ত ITIৰ অধ্যক্ষ আনন্দ শইকীয়াইৰ মন্তব্য টাটা টেকন’লজী চেণ্টাৰ অৱ এক্সেলেন্সৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে এই উদ্ভাৱনসমূহ কৰিছে। ২০২৮ চনৰ ভিতৰত এই ক্ষেত্ৰসমূহত ব্যাপক নিয়োগৰ সম্ভাৱনা আছে। লগতে মাজুলীৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আহ্বান জনাই যাতে তেওঁলোকে এই পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰি কাৰিকৰীভাৱে স্বাৱলম্বী হৈ উঠে
মাজুলী ITIত এই আধুনিক কাৰিকৰী পাঠ্যক্ৰমসমূহৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে আৰু আগন্তুক ৩১ আগষ্টলৈকে অফলাইনযোগে নামভৰ্তিৰ সুবিধা উপলব্ধ থাকিব। কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত গঢ়িবলৈ স্থানীয় যুৱ সমাজক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
কেৱল পুথিগত শিক্ষাই নহয়, প্ৰায়োগিক কাৰিকৰী জ্ঞানেৰে মাজুলীৰ যুৱ প্ৰজন্ম এতিয়া আধুনিক প্ৰযুক্তিৰ দিশত আগবাঢ়িছে। স্থানীয় প্ৰতিভাক সঠিক মঞ্চ আৰু প্ৰশিক্ষণ দিলে যে ৰাষ্ট্ৰীয় পৰ্যায়তো চমক সৃষ্টি কৰিব পাৰে, মাজুলী ITIৰ এই উদ্ভাৱনী প্ৰকল্পসমূহ তাৰেই এক প্ৰমাণ।