প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ মাজত নতুন দিল্লীত অনুষ্ঠিত বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা হয়।
বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা উৎপাদন, পাৰমাণৱিক শক্তি, পৰিবহণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য় যে দুয়োখন দেশে সামৰিক আদান-প্ৰদান আৰু প্ৰতিৰক্ষা উৎপাদনৰ নতুন সম্ভাৱনা অন্বেষণ কৰাৰ লগতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৈঠকৰ সময়ছোৱাত পাঁচখন চুক্তি আৰু সহযোগিতামূলক ব্যৱস্থা সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত প্ৰব্ৰজন আৰু mobility partnership, যুৱ পেছাদাৰীসকলৰ আদান-প্ৰদান, পৰিবহণ আৰু আন্তঃগাঁথনি, গৱেষণা আৰু innovation তথা technology transferৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে ।
ইফালে, India-EFTA Trade and Economic Partnership Agreementৰ জৰিয়তে অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু প্ৰায় ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টিৰ লক্ষ্যৰ বিষয়েও দুয়োপক্ষই গুৰুত্ব আৰোপ কৰে।