শিলচৰত আজি প্ৰথম পৌৰ নিগম নিৰ্বাচন l
শিলচৰ পৌৰ নিগমৰ প্ৰথমটো নিৰ্বাচন আজি অনুষ্ঠিত হৈছে। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি ৪ বজালৈ চলিব। মুঠ ৪০টা ৱাৰ্ডত ভোটগ্ৰহণৰ বাবে ৩০৩টা ভোটকেন্দ্ৰ সাজু কৰা হৈছে। প্ৰায় ২.৭০ লাখ ভোটাৰে এই নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব।
ইতিমধ্যে ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰ্মচাৰীসকলক প্ৰয়োজনীয় নিৰ্বাচনী সামগ্ৰীসহ নিজ নিজ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে ১৮টা ছেক্টৰ আৰু ৬টা জ’নত ব্যৱস্থা কৰা হৈছে। নিৰাপত্তাৰ বাবেও ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত অনুষ্ঠিত হোৱা এইটোৱেই প্ৰথম পৌৰ নিগম নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি চহৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সংবেদনশীল আৰু অতি সংবেদনশীল ভোটকেন্দ্ৰসমূহত বিশেষ নিৰাপত্তা মোতায়েন কৰা হৈছে।