ৰাধিকা শান্তি উদ্যানত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল অসমৰ থলুৱা বাঁহেৰে নিৰ্মিত বিশেষ বেম্বো চাইকেল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিশেষ চাইকেলখন আনুষ্ঠানিকভাৱে মুকলি কৰে।
বেম্ব ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছে থলুৱা বাঁহেৰে নিৰ্মিত এই পৰিৱেশ অনুকূল চাইকেলখন।
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে চাইকেলখন চলাই ইয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।
জানিব পৰা মতে, মাত্ৰ ৫ টকাৰ চাৰ্জতে প্ৰায় ৫০ কিলোমিটাৰ পৰ্যন্ত চলিব পাৰিব এই বেম্বো চাইকেল।
পৰিৱেশ অনুকূল হোৱাৰ লগতে লাভজনক এই বিশেষ চাইকেলখনে থলুৱা বাঁহৰ ব্যৱহাৰক নতুন মাত্ৰা দিয়াৰ সম্ভাৱনা সৃষ্টি কৰিছে।
অসমৰ বাঁহ উদ্যোগক আগুৱাই নিয়াৰ লগতে ৰাজ্যখনক ‘বেম্বো কেপিটেল’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।