Tue, 13 Oct 2026

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ ৩৪০ কোটি টকাৰ পুনৰ্নিৰ্মাণ

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনৰ প্ৰায় ৩৪০ কোটি টকাৰ পুনৰ্নিৰ্মাণ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২ অক্টোবৰত চিৰিয়াখানাত চলি থকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰি এই কথা সদৰী কৰে।

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ ৩৪০ কোটি টকাৰ পুনৰ্নিৰ্মাণ l

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনৰ প্ৰায় ৩৪০ কোটি টকাৰ পুনৰ্নিৰ্মাণ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২ অক্টোবৰত চিৰিয়াখানাত চলি থকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰি এই কথা সদৰী কৰে।

পুনৰ্নিৰ্মাণৰ অধীনত নতুন বৃহৎ Bird Aviary আৰু পৰ্যটকৰ বাবে Toy Train সংযোজনৰ পৰিকল্পনা কৰা হৈছে। লগতে পশুৰ আবাসস্থল, চিকিৎসালয়, কোৱাৰেণ্টাইন আৰু ৰেছকিউ চেণ্টাৰৰ সুবিধাও উন্নত কৰা হ’ব। 

চৰকাৰৰ লক্ষ্য হৈছে চিৰিয়াখানাৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি আধুনিক আন্তঃগাঁথনি গঢ়ি তোলা। অহা তিনি-চাৰি মাহৰ ভিতৰত প্ৰস্তাৱিত কেইবাটাও নতুন সুবিধাৰ প্ৰাৰম্ভিক ৰূপ দৃশ্যমান হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে l

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 03 October 2026, 05:49 PM