গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিৰ প্লেটত পইতাচোৰা ওলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। ভেটাপাৰাৰ ‘জাইকা’ নামৰ বিৰিয়ানিৰ দোকানখনত এগৰাকী গ্ৰাহকৰ প্লেটত পইতাচোৰা উদ্ধাৰৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, টিংকু দাস নামৰ গ্ৰাহকজনে দোকানখনৰ পৰা বিৰিয়ানি ক্ৰয় কৰিছিল। অভিযোগ অনুসৰি, বিৰিয়ানিৰ সৈতে পইতাচোৰা ভক্ষণ কৰাৰ পিছতে অসুস্থ হৈ পৰে টিংকু দাস।
ঘটনাক লৈ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰক্ষীয়ে। হাতীগাঁও আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
ঘটনাটোৱে খাদ্যৰ গুণগত মান আৰু হোটেল-ৰেস্তোৰাঁসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।
গুৱাহাটীৰ ভেটাপাৰাৰ বিৰিয়ানিত ওলাল পইতাচোৰা
গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিৰ প্লেটত পইতাচোৰা ওলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।
P
Priyadarshini Saikia
Published: 24 August 2026, 10:48 AM