চীনত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হিউমেন’ইড ৰবট গেমছত উছেইন ব’ল্টৰ ১০০ মিটাৰ স্প্ৰিণ্টৰ বিশ্ব অভিলেখতকৈ বেছি বেগেৰে দৌৰি এটি ৰবটে প্ৰথম বাৰৰ বাবে চেৰ পেলালে মানুহক ।
বেইজিং ইনোভেচন চেণ্টাৰ অৱ হিউমেন’ইড ৰবটিক্সৰ দ্বাৰা নিৰ্মিত এই হিউমেন’ইড ৰবটটোৱে ৯.৩৯ ছেকেণ্ডত ১০০ মিটাৰ দূৰত্ব দৌৰিছিল।
আঠবাৰৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী বল্টে ২০০৯ চনত ৯.৫৮ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি মানুহৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িছিল।
চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী 'অনাৰে' নিৰ্মাণ কৰাকে ধৰি আন দুটা ৰবটক পৰাস্ত কৰি পৰীক্ষামূলক দৌৰত ৯.৩২ ছেকেণ্ডত এই ৰবটোৱে ১০০ মিটাৰ দৌৰিছিল বুলি নিৰ্মাতা কোম্পানীটোৱে কয়।