নলবাৰীৰ কৈঠালকুছি গাঁৱৰ এগৰাকী জুবিন অনুৰাগী ভূপেন বৰ্মন। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ভূপেন বৰ্মনে নিজৰ চাইকেলেৰে ৪৪ দিন পূৰ্বে কেডাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিছিল। দীঘলীয়া এই যাত্ৰাৰ অন্তত আজি নলবাৰীৰ বৰকুৰাৰত উপস্থিত হয় জুবিন অনুৰাগীগৰাকী।
জুবিন গাৰ্গৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই এই ব্যতিক্ৰমী যাত্ৰা আৰম্ভ কৰিছিল ভূপেন বৰ্মনে। কেডাৰনাথৰ পৰা প্ৰায় ১০ কিলোগ্ৰাম মাটি লগত লৈ আহিছে তেওঁ। এই মাটি জুবিন গাৰ্গৰ সমাধিস্থলীত প্ৰাণ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰিছে ভূপেন বৰ্মনে।
বৰকুৰাৰত উপস্থিত হৈ ভূপেন বৰ্মনে তেওঁৰ ৪৪ দিনীয়া কেডাৰনাথ যাত্ৰাৰ অভিজ্ঞতা আৰু যাত্ৰাপথৰ বিভিন্ন কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰে। জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈয়ে এই যাত্ৰাৰ আনুষ্ঠানিক সামৰণি পেলাব বুলি জানিবলৈ দিয়ে তেওঁ।
জুবিনৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু শ্ৰদ্ধাৰ নিদৰ্শন হিচাপে ভূপেন বৰ্মনৰ এই চাইকেল যাত্ৰাই ইতিমধ্যে চৰ্চা লাভ কৰিছে।