বাক্সা জিলাৰ শিমলাগুৰী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত অঞ্চলত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে তিনিজন সন্দেহযুক্ত গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন লোককেইজনক ইনচান আকন্দ, মিনহাজ আলী মণ্ডল আৰু মফিদুল আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু চুৰিৰ সৈতে জড়িত আছিল লোককেইজন।
অভিযানৰ সময়ত গৰু চুৰিৰ কামত ব্যৱহাৰ কৰা এখন বাহনো আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-16-AC-4216।
বৰ্তমান আটকাধীন লোককেইজনক আৰক্ষীয়ে জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। এই গৰু চুৰি চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে।
আৰক্ষীৰ এই তৎপৰতাক স্থানীয় ৰাইজে আদৰণি জনাইছে।