Tue, 13 Oct 2026

নলবাৰীৰ খাৰজাৰা আশ্ৰমত উপস্থিত সাংসদ দিলীপ শইকীয়া

খাৰজাৰা আশ্ৰমত উপস্থিত হৈ সেৱা গ্ৰহণ কৰে লোকসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ যজ্ঞ স্থলীত নিজেই পূজা অৰ্চনা আগবাঢ়ই সাংসদ দিলীপ শইকীয়াই ৷ ২৮ আগষ্টত পূৰ্ণাহুতি আৰু হোম যজ্ঞৰে সামৰণি পৰিব এমাহজোৰা মহা মৃত্যঞ্জয় যজ্ঞৰ ৷

নলবাৰীৰ খাৰজাৰা আশ্ৰমত চলিত মহা মৃত্যুঞ্জয় যজ্ঞত উপস্থিত সাংসদ দিলীপ শইকীয়া ৷ আশ্ৰমত উপস্থিত হৈ সেৱা গ্ৰহণ কৰে লোকসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে৷ মহা মৃত্যুঞ্জয় যজ্ঞৰ সমান্তৰালকৈ ২২ আগষ্টৰ পৰা ২৮ আগষ্টলৈ অনুষ্ঠিত হৈছে শিৱ মহা পুৰাণ কথা ৷ যজ্ঞ স্থলীত নিজেই পূজা অৰ্চনা আগবাঢ়ই সাংসদ দিলীপ শইকীয়াই ৷

উল্লেখযোগ্য যে, ৩০ জুলাইৰ পৰা খাৰজাৰা আশ্ৰমত অনুষ্ঠিত হৈছে এমাহ জোৰা মহামৃত্যুঞ্জয় যজ্ঞ ৷ কাশী বাৰানসীৰ বেদজ্ঞ পণ্ডিতৰ মাংগলিক মন্ত্ৰোচ্চাৰণৰ মাজৰে অনুষ্ঠিত হোৱা যজ্ঞস্থলীত বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশে ৷

২৮ আগষ্টত পূৰ্ণাহুতি আৰু হোম যজ্ঞৰে সামৰণি পৰিব এমাহজোৰা মহা মৃত্যঞ্জয় যজ্ঞৰ ৷


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 24 August 2026, 05:29 PM