বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰৰ পৰা নকল সোণ সহ দুজনক আটক কৰে আৰক্ষীয়ে। গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৃদয় গোস্বামীৰ নেতৃত্বত অভিযান চলাই আটক কৰা হয় দুই সৰবৰাহকাৰী।
আটকাধীন দুজন ক্ৰমে অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ডৰ আলিয়াৰ খান (৫৫) আৰু নাম্বাৰপাৰা ২য় খণ্ডৰ ছফিকুল ইছলাম (২৫)।
ৰঙিয়াৰ পৰা নকল সোণ আনি মাণিকপুৰ অঞ্চলত বিক্ৰী কৰিবলৈ যো জা চলাইছিল যদিওঁ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীকেইটাক । নকল সোণৰ লগতে দুটা মোবাইল ফোন আৰু AS 01 EW 2076 নম্বৰৰ এখন বাহন জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি দুয়োজন আৰক্ষীৰ জিম্মাত।