নিবনুৱা যুৱক-যুৱতীক দক্ষতা বিকাশৰ জৰিয়তে আত্মসংস্থাপনৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে নুমলীগড় শোধনাগাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা (CSR) আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত টাটা ষ্ট্ৰাইভৰ সহযোগত আতিথ্য খণ্ডত ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ অধ্যয়ন সমাপ্ত কৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। বিবেকানন্দ কেন্দ্ৰ NRL নাৰ্চিং স্কুলৰ পৰা প্ৰশিক্ষণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীসকলক নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে শুভেচ্ছামূলক বক্তব্যৰে উৎসাহিত কৰে।
অনুষ্ঠানত সন্দিকৈয়ে কয় যে কেৱল নিৰ্দিষ্ট দুখন মহাবিদ্যালয়তে সীমাবদ্ধ নাথাকি অন্যান্য মহাবিদ্যালয়ৰ অধ্যয়ন সমাপ্ত কৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলকো নিৰ্বাচিত কৰি এইধৰণৰ প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰা হ’ব। দক্ষতা বিকাশৰ জৰিয়তে যুৱ প্ৰজন্মৰ বাবে আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
ইয়াৰ উপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমৰ যুৱক-যুৱতীক জাপানত নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ বাবেও ভৱিষ্যতে আঁচনি গ্ৰহণ কৰাৰ পোষকতা কৰে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই।
অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ-মহাপ্ৰবন্ধক আশিস বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু প্ৰশিক্ষণৰ বাবে যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
নুমলীগড় শোধনাগাৰৰ এই পদক্ষেপে উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত কৰ্মসংস্থাপনৰ সন্ধানত থকা যুৱক-যুৱতীসকলক উদ্যোগমুখী দক্ষতা আহৰণৰ লগতে ভৱিষ্যতে সংস্থাপনৰ নতুন সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।