অসমৰ সন্তান তথা বিজ্ঞানী ড০ ৰুবুল মাউতৰ নেতৃত্বত আমেৰিকাত আৰম্ভ হৈছে গুৰুত্বপূৰ্ণ চিকিৎসা-বিজ্ঞানভিত্তিক গৱেষণা। আমেৰিকাৰ Cincinnati Children’s Hospital Medical Center (CCHMC)-ৰ Division of Immunobiology, Division of Oncology আৰু Center for Stem Cell and Organoid Medicine (CuSTOM)-ৰ অধীনত ড০ মাউতৰ ‘Mout Lab’ত উন্নত প্ৰটিন ডিজাইন আৰু ইমিউন’লজীভিত্তিক গৱেষণাক বিশেষ গুৰুত্ব দিয়া হৈছে।
মাউত লেবৰ মূল লক্ষ্য হৈছে অত্যাধুনিক প্ৰটিন-ভিত্তিক প্ৰযুক্তিৰ সহায়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰা। ইয়াৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ কৰ্কট ৰোগৰ ভেকচিন আৰু ইমিউন’থেৰাপী বিকশিত কৰাৰ দিশতো গৱেষণা চলিছে।
লেবটোৰ গৱেষণাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে de novo protein design and humanization। ইয়াৰ উপৰি T-cellৰ কাৰ্যক্ষমতা বৃদ্ধি, বয়স বৃদ্ধিৰ সৈতে হ্ৰাস পোৱা T-cellৰ বিকাশ পুনৰুজ্জীৱিত কৰা আৰু কৰ্কট ভেকচিনৰ বাবে বিশেষ dendritic cell population বিকশিত কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।
ড০ ৰুবুল মাউতে পূৰ্বে ন’বেল বঁটা বিজয়ী বিজ্ঞানী ডেভিড বেকাৰৰ গৱেষণাগাৰত computational protein design-ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ Harvard Medical Schoolতো Stem Cell and Regenerative Biology ক্ষেত্ৰত গৱেষণা কৰিছে। জটিল প্ৰটিন গঠন আৰু কোষৰ বিকাশ, বিশেষকৈ immune cell development সম্পৰ্কীয় গৱেষণাতো তেওঁৰ অৱদান আছে।
ইফালে, CCHMCৰ মাউত লেবত Postdoctoral Fellow পদৰ বাবেও গৱেষক নিয়োগৰ সুযোগ সৃষ্টি হৈছে। জীৱবিজ্ঞান, ইমিউন’লজী বা সংশ্লিষ্ট ক্ষেত্ৰত PhD/MD থকা প্ৰাৰ্থীয়ে এই গৱেষণাৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিব পাৰে।
অসমৰ এগৰাকী বিজ্ঞানীৰ নেতৃত্বত আমেৰিকাৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত কৰ্কট ৰোগৰ নতুন চিকিৎসা আৰু ভেকচিন বিকাশৰ দিশত চলি থকা এই গৱেষণাই ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱৰ এক নতুন অধ্যায়।
ড০ ৰুবুল মাউতৰ নেতৃত্বত আমেৰিকাত কৰ্কট ৰোগৰ নতুন চিকিৎসা-ভেকচিনৰ গৱেষণা
অসমৰ সন্তান তথা বিজ্ঞানী ড০ ৰুবুল মাউতৰ নেতৃত্বত আমেৰিকাত আৰম্ভ হৈছে গুৰুত্বপূৰ্ণ চিকিৎসা-বিজ্ঞানভিত্তিক গৱেষণা। আমেৰিকাৰ Cincinnati Children’s Hospital Medical Center (CCHMC)-ৰ Division of Immunobiology, Division of Oncology আৰু Center for Stem Cell and Organoid Medicine (CuSTOM)-ৰ অধীনত ড০ মাউতৰ ‘Mout Lab’ত উন্নত প্ৰটিন ডিজাইন আৰু ইমিউন’লজীভিত্তিক গৱেষণাক বিশেষ গুৰুত্ব দিয়া হৈছে।
Bhaskar Jyoti Deka
I am an independent journalist committed to delivering accurate, unbiased, and responsible news. My approach to journalism…
Published: 26 August 2026, 12:19 PM