দিনক দিনে বৃদ্ধি পাইছে চাউল চেনি পিয়াজৰ দাম । সমান্তৰালকৈ দাম বাঢ়িছে কণীৰো । য’ত কিছুদিন আগলৈকে এটা কণী ৫–৬ টকাত পোৱা গৈছিল, এতিয়া ইয়াৰ দাম যথেষ্ট বৃদ্ধি পাইছে। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল, কণীৰ এই মূল্যবৃদ্ধিৰ আঁৰত কোনো ঋতুগত ৰোগ বা মুৰ্গীৰ অভাৱ নহয়, বৰং পেট্ৰ’লত মিহলোৱা ‘ইথানল’ সম্পৰ্কীয় নীতিক দায়ী কৰা হৈছে।
বজাৰৰ সাম্প্ৰতিক তথ্য আৰু নেচনেল এগ ক’অৰ্ডিনেচন কমিটি (NECC)-ৰ প্ৰতিবেদন অনুসৰি, যোৱা এবছৰত কণীৰ দাম প্ৰায় ৩৫%ৰ পৰা ৪০% পৰ্যন্ত বৃদ্ধি পাইছে। যদি পাইকাৰী মূল্যৰ কথা কোৱা হয়, তেন্তে এক্স-ফাৰ্ম মূল্য এতিয়া প্ৰতি কণীত প্ৰায় ৭ টকালৈ বৃদ্ধি পাইছে। আনহাতে, খুচুৰা বজাৰত সাধাৰণ গ্ৰাহকে এটা কণীৰ বাবে প্ৰায় ৮.৫০ টকাৰ পৰা ৯ টকালৈ পৰিশোধ কৰিবলগীয়া হৈছে। অৰ্থাৎ, এতিয়া ৩০টা কণীৰ এটা প্লেট কিনিবলৈ গ্ৰাহকে আগৰ তুলনাত যথেষ্ট বেছি ধন খৰচ কৰিবলগীয়া হৈছে। আচলতে, এই সমগ্ৰ মূল্যবৃদ্ধিৰ মূলতে আছে মাকৈ অৰ্থাৎ গুমধান । মুৰ্গীৰ খাদ্য বা প’ল্ট্ৰী ফিড (Poultry Feed)-ৰ অন্যতম প্ৰধান আৰু গুৰুত্বপূৰ্ণ উপাদান হৈছে মাকৈ।
চৰকাৰে এইকেইদিন পেট্ৰ’লত ব্লেণ্ডিঙৰ বাবে ইথানল উৎপাদনত যথেষ্ট গুৰুত্ব দিছে। আগতে ইথানল মূলতঃ কুঁহিয়াৰৰ পৰা উৎপাদন কৰা হৈছিল যদিও এতিয়া বৃহৎ পৰিসৰত মাকৈৰ পৰাও ইথানল উৎপাদন কৰা হৈছে। যেতিয়া মাকৈৰ বৃহৎ পৰিমাণৰ যোগান ইথানল কাৰখানা আৰু ডিষ্টিলেৰীসমূহৰ ফালে ঘূৰি গ’ল, তেতিয়া প’ল্ট্ৰী উদ্যোগৰ বাবে মাকৈৰ এক ডাঙৰ সংকটৰ সৃষ্টি হ’ল। চাহিদা বৃদ্ধি আৰু যোগান হ্ৰাস পোৱাৰ ফলত মুকলি বজাৰত মাকৈৰ দাম ৰেকৰ্ড পৰ্যায়লৈ বৃদ্ধি পাইছে।
ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে মুৰ্গীৰ খাদ্যৰ দামত। খাদ্যৰ খৰচ বৃদ্ধি পোৱাৰ লগে লগে মুৰ্গী পালনৰ ব্যয়ো বাঢ়িছে, আৰু তাৰ প্ৰভাৱ শেষত কণীৰ দামৰ ওপৰত দাম বাঢ়িছে ।