গোলাঘাট এমেছাৰ থিয়েটাৰ চ’চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে নৱপ্ৰজন্মক মদ, ড্ৰাগছ আৰু ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, এই তিনিটা বিষয় নিয়ন্ত্ৰণ কৰিব পাৰিলে জাতিৰ বহু সমস্যাৰ সমাধান সম্ভৱ হ’ব।
লগতে সংগ্ৰাম কেৱল ৰাজপথত নহয়, নিজৰ ভিতৰৰ দুৰ্বলতাসমূহ জয় কৰাটোও এক সংগ্ৰাম বুলি মন্তব্য কৰে। বিভিন্ন ভাষা শিকাৰ লগতে নিজৰ মাতৃভাষা অসমীয়াৰ চৰ্চা অব্যাহত ৰাখিবলৈও তেওঁ নৱপ্ৰজন্মক আহ্বান জনায়।
অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁও সমষ্টিৰ বিধায়ক ড° মৃদুল কুমাৰ দত্তসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ‘সংগ্ৰাম’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থো উন্মোচন কৰা হয়।