নাজিৰাত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে। অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই উপস্থিত থাকে।
প্ৰায় ৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খনৰ নৱনিৰ্মিত ভৱনটো। ভৱিষ্যতে চিকিৎসালয়খনত চৰকাৰীভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে।
আনহাতে, শেহতীয়া বানপানীৰ পাছত শিৱসাগৰ জিলাত বিভিন্ন ৰোগ সংক্ৰমণৰ আশংকা সৃষ্টি হৈছিল বুলি উল্লেখ কৰে মন্ত্ৰীজনে। স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যকৰ্মীসকলৰ তৎপৰতাৰ ফলত বানপীড়িত অঞ্চলসমূহত ৰোগ সংক্ৰমণ ৰোধ কৰাত সফল হোৱা বুলি দাবী কৰে তেওঁ।
নৱনিৰ্মিত ভৱনটোৱে নাজিৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব বুলি আশা কৰা হৈছে।