Tue, 13 Oct 2026

কৃত্ৰিম বানৰ কবলত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

নেৰানেপেৰা বৰষুণৰ ফলত বটদ্ৰৱাৰ বিস্তীৰ্ণ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। শতাধিক পৰিয়ালৰ বাসগৃহ জলমগ্ন হোৱাৰ লগতে বটদ্ৰৱা থানৰ চৌহদ, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানতো পানী সোমাই পৰিছে। জলাশয় বেদখল আৰু পানী ওলাই যোৱাৰ পথ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰ-নগৰত কৃত্ৰিম বানৰ সমস্যাই প্ৰায়ে জ্বলাকলা খুৱাই আহিছে। এইবাৰ চহৰ-নগৰ নহয়, কৃত্ৰিম বানৰ কবলত পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা।

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত বটদ্ৰৱাৰ সৰুহিচা, বৰহিচা, টেম্বুৱনী জানকে ধৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। শতাধিক পৰিয়ালৰ বাসগৃহত পানী সোমাই পৰাত সাধাৰণ জনজীৱন ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ আচবাব-পত্ৰ নষ্ট হৈছে। পানীৰ বাবে একাংশ পথত যাতায়াতো বন্ধ হৈ পৰিছে।

ইফালে, বটদ্ৰৱা থানৰ চৌহদৰ চাৰিওফালে পানী উপচি পৰাত তীৰ্থযাত্ৰী তথা পৰ্যটকৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে। আকাশী গংগাৰ টুৰিষ্ট লজ, স্ক’ল-কলেজ আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানতো কৃত্ৰিম বানৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৃহত্তৰ বটদ্ৰৱা অঞ্চলত কৃত্ৰিম বানৰ অন্যতম কাৰণ হৈছে পানী ওলাই যোৱাৰ স্বাভাৱিক পথ বন্ধ হৈ পৰা। একাংশ লোকে নিজৰ বাসগৃহৰ চাৰিওফালে ওখ পকী দেৱাল আৰু ধাপ নিৰ্মাণ কৰাৰ লগতে পানী ওলাই যোৱা নলাসমূহ অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ উপৰি, অঞ্চলটোৰ চৰকাৰী জলাশয়সমূহ বেদখল কৰি একাংশ লোকে মাছ পালন বা মাছ ধৰাৰ বাবে বান্ধ দি পুখুৰী নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ৰাইজে। পূৰ্বতে বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ বৰষুণৰ পানী শান্তি জানৰ জৰিয়তে কুজিবিল, দেওৰা আৰু ৰৌমাৰী বিল হৈ কপিলী নদীত পৰিছিল। কিন্তু জলাশয়সমূহত অবৈধভাৱে বান্ধ নিৰ্মাণ কৰাৰ ফলত পানীৰ স্বাভাৱিক প্ৰবাহ বাধাগ্ৰস্ত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

কিছুদিন পূৰ্বে জিলা প্ৰশাসনে একাংশ অবৈধ বান্ধ কাটি দিছিল যদিও পুনৰ একাংশ লোকে জলাশয়ত বান্ধ দি পুখুৰী নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছে।

এই পৰিস্থিতিত বেদখল কৰা জলাশয়সমূহৰ বান্ধ আঁতৰাই পানী ওলাই যোৱাৰ পথ মুকলি কৰাৰ লগতে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হৈছে—বিভাগীয় কৰ্তৃপক্ষই কেতিয়া এই সমস্যাৰ প্ৰতি গুৰুত্ব দিব?


P
Priyadarshini Saikia
Published: 27 August 2026, 10:55 AM