Tue, 13 Oct 2026

বন্ধ হৈ যাব নেকি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গেছ যোগান ?

অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ যাব পাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গেছ যোগান । উল্লেখ্য় যে, ডিগবৈ গোপানেৰী স্থিত শ শ বিঘা মাটি ধৰি স্থাপিত হৈ থকা গোপানেৰী LPG বটলিং প্লানত গোপানেৰী পৰা উঠাই নিয়াৰ এক পৰিকল্পনা প্লানটোৰ কৰ্তৃপক্ষৰ।

জানিবলৈ পোৱা মতে, উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ অঞ্চলজুৰি গেছ যোগান ধৰা লগতে বৃহত্তৰ অঞ্চলজুৰি প্ৰায় পোন্ধৰ শ শ্ৰমিক যোৱা চৌব্বিশ টা বছৰে প্লানটোৰ সৈতে কৰ্মৰত অৱস্থাত জড়িত হৈ থকাৰ পিছত হঠাৎ LPG বটলিং প্লানটোৰ কৰ্তৃপক্ষই শ্ৰমিকৰ সংখ্যা কৰ্তন কৰি জাননী প্ৰেৰণ কৰে।

যাৰ পৰিপেক্ষিতাত LPG প্লানটোৰ সন্মুখত উত্তেজিত হৈ প্ৰতিবাদত ওলাই আহিছে শ শ শ্ৰমিক। বটলিং প্লানটোৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠনটোৱে প্লানটৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

 শ্ৰমিকসকলে প্লানটোৰ কৰ্তৃপক্ষই দাবী মানি নোলোৱা পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ গেছ পৰিবহন বন্ধ কৰি ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী শ্ৰমিক সকলে।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 27 August 2026, 01:32 PM