গুৱাহাটীত নতুনকৈ স্থাপন হ'ব কাহিলীপাৰা থানা, কোন কোন অঞ্চল আহিব কাহিলীপাৰা থানাৰ অধীনত ? গৃহ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি, দিছপুৰ আৰক্ষী থানাক দুভাগ কৰি নতুনকৈ কাহিলীপাৰা আৰক্ষী থানা স্থাপন কৰা হ'ব। নতুন কাহিলীপাৰা আৰক্ষী থানা পূব গুৱাহাটী আৰক্ষী জিলাৰ অধীনত থাকিব।
কোন কোন অঞ্চল কাহিলীপাৰা থানাৰ অধীনত?
নতুনকৈ গঠন হোৱা কাহিলীপাৰা আৰক্ষী থানাত ওদালবাক্ৰা আৰু ভগদত্তপুৰ আৰক্ষী চকী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি ফটাশিল আৰু গড়চুকৰ ধোপলীয়া অঞ্চলৰ কিছু অংশও কাহিলীপাৰা থানাৰ অধীনলৈ অনা হৈছে।
পাহাৰতলী-মৃত্যুঞ্জয়ৰ পৰা লখৰা-কেৰাকুছি পর্যন্ত অঞ্চলকো নতুন থানাখনৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। নতুন কাহিলীপাৰা আৰক্ষী থানা পূব গুৱাহাটী আৰক্ষী জিলাৰ অধীনত থাকিব। নতুন থানা ভৱন নিৰ্মাণ নোহোৱালৈকে ওদালবাক্ৰাৰ পৰাই থানাখনৰ কাম-কাজ চলোৱা হ'ব। অসম আৰক্ষী আইন, ২০০৭ৰ ১১নং ধাৰা অনুসৰি কাহিলীপাৰাত নতুন আৰক্ষী থানা স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।
গুৱাহাটীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কাহিলীপাৰাত নতুন আৰক্ষী থানা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। গৃহ বিভাগে জাৰি কৰা নির্দেশ অনুসৰি, দিছপুৰ আৰক্ষী থানাক দুভাগ কৰি নতুনকৈ কাহিলীপাৰা আৰক্ষী থানা স্থাপন কৰা হ'ব।