গুৱাহাটী-দিল্লী ৰে’লপথ চাৰিলাইনযুক্ত কৰাৰ ঘোষণাক আদৰণি অসম বিজেপিৰ l গুৱাহাটী-দিল্লী ৰে’লপথ চাৰিলাইনযুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাক আদৰণি জনাইছে অসম প্ৰদেশ বিজেপিয়ে। বিজেপিৰ মতে, এই পদক্ষেপে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা সংযোজন কৰিব। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ কাৰ্যকালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত যথেষ্ট গতি লাভ কৰা বুলি দাবী কৰিছে অসম বিজেপিয়ে।
ৰাজ্যিক বিজেপিৰ মতে, যোৱা ১২টা বছৰত অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ ৰাজধানী নতুন দিল্লীৰ সৈতে গুৱাহাটীক সংযোগ কৰা ৰে’লপথ চাৰিলাইনযুক্ত কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাক আদৰণি জনাইছে অসম বিজেপিয়ে। অসম বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৰে’ল মন্ত্ৰীৰ এই প্ৰকল্প ঘোষণাক কেন্দ্ৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অসমৰ প্ৰতি থকা দায়বদ্ধতা আৰু সদিচ্ছাৰ প্ৰতিফলন বুলি মন্তব্য কৰে। গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে উচ্চগতিসম্পন্ন ৰে’ল সেৱা আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰা হয় । অসম বিজেপিৰ মতে, এই উন্নয়ন কেৱল যোগাযোগ ব্যৱস্থাৰ মাজতেই সীমাবদ্ধ নহয়; ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক অৰ্থনৈতিক আৰু ভৌগোলিক সংযোগো অধিক শক্তিশালী হ’ব।
গুৱাহাটী-দিল্লী ৰে’লপথ চাৰিলাইনযুক্ত কৰাৰ ঘোষণাই ভৱিষ্যতে অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু বাণিজ্যিক সংযোগ শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে অসম বিজেপিয়ে