বিহালী বৰগাঙৰ শ্ৰীমন্ত শংকৰ দেৱ প্ৰেক্ষাগৃহত আৰম্ভ হ'ব লগীয়া তিনিমহীয়া ADRE 3.0 প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰ্য্যসূচী উদ্বোধন উপলক্ষে এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্রী অশোক সিংঘল উপস্থিত থাকি উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে।
অনুষ্ঠানত উপস্থিত থাকে শোনিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনিন্দ্ৰ দাস, বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত কৰবী কৰণ শইকীয়া, বিশ্বনাথ আৰু বিহালীৰ প্ৰাক্তন বিধায়ক প্ৰমোদ বৰঠাকুৰ,দিগন্ত ঘাটোৱাল।
উল্লেখ্য যে ZENSHINE ACADEMY ৰ সৌজন্যত অনুষ্ঠিত হ'ব লগীয়া উক্ত প্ৰশিক্ষণত বিহালী সমষ্টিৰ প্ৰায় ১২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অনলাইন যোগে আবেদন কৰিছে। এই প্ৰশিক্ষণে বিহালীত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে এক নতুন দিশ প্ৰদান কৰিব।