আজি অসমৰ প্ৰথম অসম আৰক্ষী বাহিনীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। নাজিৰা সমজিলাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে দেশ আৰু ৰাজ্যৰ বাবে কৰ্তব্য পালন কৰি শ্বহীদ হোৱা আৰক্ষী জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই ‘শ্বহীদ তৰ্পণ’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ইয়াৰ পিছতে আৰক্ষী জোৱানসকলৰ দ্বাৰা প্ৰদৰ্শিত পেৰেড পৰিদৰ্শন কৰে প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুচলেহ উদ্দিন আহমেদ আৰু অনুষ্ঠানৰ মুখ্য অতিথি পূব মণ্ডলৰ আইজিপি কংকনজ্যোতি শইকীয়াই। পেৰেডৰ জৰিয়তে জোৱানসকলে অতিথিসকলক অভিবাদন জনায়।
প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত আৰক্ষী জোৱানসকলৰ মাজত প্ৰীতি ফুটবল মেচৰ লগতে সন্ধিয়া বেটেলিয়ন চৌহদত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। বন্তি প্ৰজ্বলনৰ পাছতেই দিনজোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰিব।