Tue, 13 Oct 2026

বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ ৪৩০তম তিৰোভাৱ তিথি পালন

মংগলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ ৪৩০ তম তিৰোভাৱ তিথি ৷ সমান্তৰালকৈ বটদ্ৰৱা থানতো উদযাপন কৰা হয় মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি । 

মংগলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ ৪৩০ তম তিৰোভাৱ তিথি ৷ সমান্তৰালকৈ বটদ্ৰৱা থানতো উদযাপন কৰা হয় মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি । 

অসমীয়া জাতিৰ মহানায়ক শ্রীমন্ত শংকৰদেৱৰ প্রধান শিষ্য বঢ়াৰ-পো মাধৱদেৱৰ তিৰোভাৱ তিথি দিনযোৰা কাৰ্যসূচীৰে বটদ্রৱা থানত পালন কৰা হয়। কাৰ্যসূচী অনুসৰি থানত পুৱাৰ তাল কোবোৱা প্ৰসঙ্গৰে আৰম্ভ হয় অনুষ্ঠান।

লগতে তিথি উপলক্ষে আশোৱাৰী ৰাগৰ গীতো পৰিবেশন কৰা হয়। 

 ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আই মাতৃৰ উষা কীৰ্তনেৰে মুখৰিত হৈ উঠে বটদ্রৱাৰ চৌদিশ। খোল প্ৰসঙ্গ , প্রসংগীয়া নাম, শেহপাল, ঘোষা-কীৰ্তনৰ লগতে ভাদমাহৰ পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰে পৰিবেশিত হয়। বিয়লি বটদ্রৱা থানৰ পৰম্পৰা অনুসৰি ‘দধিমথন’ ভাওনাও পৰিবেশন কৰা হয়।

 


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 01 September 2026, 04:19 PM