Tue, 13 Oct 2026

সম্বন্ধীয় মামা আৰু মামীয়েকে অপহৰণ কৰিলে ৯ বছৰীয়া ভাগিনীয়েকক

মৰিয়নিত সংঘটিত এক ভয়ংকৰ ঘটনা ৷ মোমায়েক মামীয়েকে মিলি ভাগিনীয়েকক অপহৰণ কৰা ঘটনাই আচৰিত কৰি তুলিছে অসমবাসীক ৷  মৰিয়নীৰ পৰা অপহৰণ কৰা কন্যা শিশুকটিক আৰক্ষী আৰু সাংবাদিকৰ তৎপৰতাত দেৰগাওঁৰ ইচলামনগৰ পৰা উদ্ধাৰ কৰা হয় নিশা দুই বজাত। 

মৰিয়নিত সংঘটিত এক ভয়ংকৰ ঘটনা ৷ মোমায়েক মামীয়েকে মিলি ভাগিনীয়েকক অপহৰণ কৰা ঘটনাই আচৰিত কৰি তুলিছে অসমবাসীক ৷  মৰিয়নীৰ পৰা অপহৰণ কৰা কন্যা শিশুকটিক আৰক্ষী আৰু সাংবাদিকৰ তৎপৰতাত দেৰগাওঁৰ ইচলামনগৰ পৰা উদ্ধাৰ কৰা হয় নিশা দুই বজাত। 

উল্লেখ্য় যে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে দুজন অপহৰণকাৰী ক্ৰমে সাগৰ ঘোষ উৰফে টাৰজেন (সম্বন্ধীয় মোমায়েক)আৰু ৱাচিম ৰহমানক উৰফে কনকাইক দেৰগাওঁৰ পৰা আটক কৰিবলৈ সক্ষম হয় যদিও মামীয়েক মনিষা ঘোষ,ৰাহুল আলি আৰু ম’ন নামৰ আন তিনিজন অপহৰণকাৰী বৰ্তমানেও পলাতক ৷ 

অপহৰণৰ বাবে ব্যৱহাৰ কৰা AS05B 9917 আৰু AS05W 4263 নম্বৰৰ ৰঙা স্কুটি এখন জব্দ কৰিবলৈও সক্ষম হয়  ৷ ইয়াৰে সাগৰ ঘোষক দেৰগাওঁৰ কয়লাখাটা আৰু ৱাচিম ৰহমানক  দেৰগাওঁৰ ইচলামনগৰৰ পৰা আটক কৰে ৷ আনহাতে পলাতক ৰাহুল আলিৰ ঘৰ দেৰগাওঁৰ ইচলাম নগৰৰ আৰু ম’ন ৰ ঘৰ দেৰগাওঁৰ ফুকন নগৰত ৷ 

জানিব পৰা মতে অপহৰণকাৰী মোমায়েক আৰু মামীয়েকে তিনিদিন ধৰি মৰিয়নীৰ লোকনাথ ভৱনত তিনিদিন ধৰি ১০৯ নং কোঠাত বাহৰ পাতি আছিল আৰু মংগলবাৰে দুপৰীয়া অপহৰণকাৰী সাগৰ ঘোষ আৰু মনিষা ঘোষে সম্বন্ধীয় ভিনিয়েক আৰু বায়েকৰ ঘৰত উপস্থিত হৈ কৌশলেৰে ভাগিনীয়েকক অপহৰণ কৰি লৈ যায় ৷ কেইবা ঘণ্টা ধৰি কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত হুৱাদুৱা লাগে ৷ সন্ধিয়া ৫মান বজাত ৬০লাখ টকা মুক্তিপণ বিচাৰৰ লগতে আৰক্ষীক অৱগত নকৰিবলৈ সকীয়াই দিয়ে আৰু নিশা ৮ বজাৰ ভিতৰত দাবী কৰা ধন আদায় নিদিলে কিশোৰীগৰাকীক হত্যা কৰাৰ ভাবুকি দিয়ে ৷ লগে লগে পিতৃয়ে সাংবাদিকৰ লগত যোগাযোগ কৰি মৰিয়নী আৰক্ষী আৰু মৰিয়নীৰ সাংবাদিকৰ তৎপৰতাত নিশা দুই বজাত দেৰগাওঁৰ ইচলামপুৰৰ পৰা কিশোৰীটিক উদ্ধাৰ কৰে ৷


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 02 September 2026, 10:33 AM