Tue, 13 Oct 2026

জামুগুৰিহাটত চোৰৰ সন্ত্ৰাস! ঘৰত সোমোৱাৰ চেষ্টা, CCTVত বন্দী চাঞ্চল্যকৰ দৃশ্য

তৌভঙাৰ মঞ্জু নেৱাৰৰ বাসগৃহত চোৰে এইদৰে প্ৰৱেশৰ চেষ্টা চলোৱাৰ দৃশ্য CCTV কেমেৰাত স্পষ্টভাৱে বন্দী হৈছে। কিন্তু CCTV কেমেৰাৰ কথা জানিব পাৰি চোৰে কেমেৰাৰ তাঁৰ কাটি দিয়াৰ চেষ্টা কৰে।

জামুগুৰিহাটৰ তৌভঙাত চোৰৰ চাঞ্চল্যকৰ কাণ্ড! বাসগৃহত কোনো লোক নথকাৰ সুযোগ লৈ ঘৰত প্ৰৱেশৰ চেষ্টা চলালে চোৰে। সমগ্ৰ ঘটনা বন্দী হ’ল চি চি টিভি কেমেৰাত।

তৌভঙাৰ মঞ্জু নেৱাৰৰ বাসগৃহত চোৰে এইদৰে প্ৰৱেশৰ চেষ্টা চলোৱাৰ দৃশ্য CCTV কেমেৰাত স্পষ্টভাৱে বন্দী হৈছে। কিন্তু CCTV কেমেৰাৰ কথা জানিব পাৰি চোৰে কেমেৰাৰ তাঁৰ কাটি দিয়াৰ চেষ্টা কৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। ইতিমধ্যে গৃহস্থই সমগ্ৰ ঘটনাৰ বিষয়ে জামুগুৰি আৰক্ষীক অৱগত কৰিছে।

CCTVত বন্দী হোৱা এই চাঞ্চল্যকৰ দৃশ্যই এতিয়া সমগ্ৰ ঘটনাৰ ৰহস্য উদঘাটনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে।

P
Priyadarshini Saikia
Published: 02 September 2026, 03:34 PM