Tue, 13 Oct 2026

সাৱধান! Facebookত ‘ঘৰত বহি উপাৰ্জন’ৰ ভুৱা বিজ্ঞাপন, হাজোৰ মহিলাৰ ধন লুট

“ঘৰত বহি বহি পইচা নালাগে, কষ্ট কৰি ঘৰত ব্যৱসায় কৰি উপাৰ্জন কৰিম। মোৰ দৰে যাতে কোনোৱে এই ভুল নকৰে” — বুলি ভুক্তভোগী মহিলাগৰাকীয়ে কয়। ৩০টা এপ চালে প্ৰতিদিনে ৩০০ টকা দিয়াৰ প্ৰলোভন, Facebook বিজ্ঞাপনৰ জালত পৰি সৰ্বস্ব হেৰুৱালে মহিলাই

সামাজিক মাধ্যমত ‘ঘৰত বহি উপাৰ্জন কৰক’ বুলি দিয়া বিজ্ঞাপনৰ প্ৰলোভনত পৰি চাইবাৰ প্ৰৱঞ্চনাৰ বলি হ’ল হাজোৰ এগৰাকী মহিলা।

হাজোৰ হিমানী মালাকৰ নামৰ মহিলাগৰাকীয়ে সামাজিক মাধ্যমত দেখা এটা বিজ্ঞাপনৰ জৰিয়তে অনলাইন কামত যোগদান কৰিছিল। অভিযোগ অনুসৰি, চাইবাৰ অপৰাধী চক্ৰটোৱে প্ৰথমে যোগদান কৰাই বিভিন্ন এপ চোৱাৰ বিনিময়ত প্ৰতিদিনে ৩০০ টকা উপাৰ্জনৰ প্ৰতিশ্ৰুতি দিছিল।

পৰৱৰ্তী সময়ত বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে মহিলাগৰাকীৰ পৰা ধন সংগ্ৰহ কৰি তেওঁৰ গাঁঠিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কেৱল হিমানী মালাকৰেই নহয়, একে গাঁৱৰে আন পাঁচগৰাকী মহিলাও একে ধৰণৰ চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা বুলি জানিব পৰা গৈছে।

ঘৰত বহি সহজে উপাৰ্জনৰ প্ৰলোভন দেখুৱাই সামাজিক মাধ্যমৰ জৰিয়তে একাংশ সহজ-সৰল মহিলাক লক্ষ্য কৰি লৈছে এই চাইবাৰ অপৰাধী চক্ৰই।

এই ঘটনাৰ পিছতে ভুক্তভোগী হিমানী মালাকৰে সকলোকে এনে ভুৱা অনলাইন বিজ্ঞাপনৰ পৰা সাৱধান হ’বলৈ আহ্বান জনাইছে।

“ঘৰত বহি বহি পইচা নালাগে, কষ্ট কৰি ঘৰত ব্যৱসায় কৰি উপাৰ্জন কৰিম। মোৰ দৰে যাতে কোনোৱে এই ভুল নকৰে” — বুলি ভুক্তভোগী মহিলাগৰাকীয়ে কয়।


P
Priyadarshini Saikia
Published: 02 September 2026, 03:44 PM