অসমৰ স্বনামধন্য নাট্যকাৰ পৰিচালক ভবেন বৰুৱাৰ স্মৃতি যাউতিযুগীয়া কৰি ৰখাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অনুষ্ঠিত কৰি অহা অষ্টাদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ বুধবাৰে শুভাৰম্ভণি হয়।
বুধবাৰে যুৱ-ছাত্ৰ পৰিষদৰ পতাকা আৰু শ্বহীদ তৰ্পণ কৰে ক্ৰমে জিলা সমিতিৰ সভাপতি আচিক আহমেদ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল দাসে। নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আঁতধৰা অনুষ্ঠানটোত সতীৰ্থ স্মৰণ কৰে পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া দ্বয় তপেশ্বৰ দাস আৰু অবিনাশ শৰ্মাই । প্ৰয়াত শিল্পী-সাহিত্যিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট নিৱন্ধকাৰ লেখক ড৹ বিনয় কুমাৰ মজুমদাৰ আৰু পোষ্টেল ডায়েৰী খ্যাত অজিত ৰাজবংশীয়ে।
অনুষ্ঠানৰ শেষত নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলা মুকলি কৰে জেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানে।