Tue, 13 Oct 2026

নলবাৰীত কিশোৰীক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ, অৱসৰপ্ৰাপ্ত BSF জোৱানৰ বিৰুদ্ধে এজাহাৰ

দিঘেলী ব্লক চাৰিআলিৰ সমীপত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগৰ আঙুলি ৬০ ঊৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত BSF জোৱান অজিত কলিতাৰ বিৰুদ্ধে। ঘটনাটো সন্দৰ্ভত পৰিয়ালে থানাত এজাহাৰ দাখিল কৰি উচিত তদন্ত আৰু আইনগত ব্যৱস্থাৰ দাবী জনাইছে।

 নলবাৰীৰ দিঘেলী ব্লক চাৰিআলিৰ সমীপত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য।

অভিযোগৰ আঙুলি ৬০ বছৰৰ ঊৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত BSF জোৱান অজিত কলিতাৰ বিৰুদ্ধে। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ঘটনাটো সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

অৱশ্যে এজাহাৰ দাখিল কৰাৰ পাছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

ইফালে, ঘটনাটোৰ উচিত তদন্ত কৰি অভিযোগত অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কিশোৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে।

ঘটনাটোৰ প্ৰকৃত সত্যতা আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।


P
Priyadarshini Saikia
Published: 02 September 2026, 05:43 PM