Tue, 13 Oct 2026

গাঁও পঞ্চা়য়ত সচিবৰ বিৰুদ্ধে এজাহাৰ

হাজোৰ বৰ্ণি গাঁও পঞ্চা়য়ত সচিবৰ বিৰুদ্ধে এজাহাৰ দাখিল এজন হিতাধিকাৰীৰ। সচিব হৃষীকেশ পাঠক সহ কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হাজো আৰক্ষী থানাত । ৰূহুল আমিন আৰু তেওঁৰ পত্নীয়ে হাজো আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল সচিব গৰাকীৰ বিৰুদ্ধে। সম্পূৰ্ণ জালিয়তিৰে ৰূহুল আমিন নামৰ লোক জনৰ ঘৰৰ পইচা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । প্ৰকৃততে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হাজো উন্নয়ন খণ্ডত কি চলিছে ? হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন লাভ কৰিছে নে অন্য একাংশ পঞ্চায়ত প্ৰতিনিধি অথবা কৰ্মচাৰীয়ে গো গ্ৰাসে গিলিছে ।

উল্লেখযোগ্য যে এৰূহুল আমিনৰ নামত অহা ঘৰৰ চৰকাৰী ধন জালিয়াতিৰে পঞ্চায়ত নেতৃত্বই অন্য এজন ভুৱা হিতাধিকাৰীৰ নামত প্ৰদান কৰাত লাগিছে হাহাকাৰ l মূলত এইজন ৰূহুল আমিন নামৰ বিশেষ সক্ষম লোকক আন্ধাৰত ৰাখি অন্য এজন ব্যক্তিক ঘৰৰ ধন প্ৰদান কৰি ভাগ বতৰা কৰি খোৱাৰ অভিযোগ আনিছে ভুক্তভোগী হিতাধিকাৰীয়ে।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 03 September 2026, 04:43 PM