গ্ৰামাঞ্চলত চৰকাৰৰ স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ উদঙাইছে দক্ষিণ কামৰূপৰ দুৰামাৰী মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পয়ালগা ছবিয়ে। উল্লেখনীয় যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সুদীৰ্ঘ ১৪ বছৰ পাছতো কাৰ্যক্ষম নহ’ল স্বাস্থ্য কেন্দ্ৰটো।
স্থানীয় ৰাইজৰ মন্তব্য, চিকিৎসক-নাৰ্ছ নিযুক্তি নকৰাৰ ফলত বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি আছে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো। দীৰ্ঘদিন ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত চিকিৎসালয়খনৰ দুৱাৰ-খিৰিকী, চিলিং, দেৱাল আদি জহি-খহি যাবলৈ ধৰিছে। চিকিৎসালয়খনৰ ভিতৰত সৃষ্টি হৈছে গোহালিসদৃশ পৰিৱেশ।
অঞ্চলটোত চিকিৎসাৰ ন্যূনতম ব্যৱস্থা নথকাৰ বাবে স্থানীয় ৰাইজে মুমূৰ্ষু ৰোগী আৰু প্ৰসূতিক ২০-৩০ কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ নিবলগীয়া হয়। ইয়াৰ উপৰি দুৰ্গম অঞ্চলটোত বাট-পথৰ দুৰৱস্থাৰ বাবে চৰকাৰী এম্বুলেঞ্চ সেৱাও বহু সময়ত উপলব্ধ নহয় বুলি অভিযোগ স্থানীয় ৰাইজৰ।
ফলত জৰুৰীকালীন সময়ত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পথতে সমস্যাৰ সৃষ্টি হয় আৰু কেতিয়াবা মাজবাটতে ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
সেয়ে দুৰামাৰী মালিবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো শীঘ্ৰে কাৰ্যক্ষম কৰাৰ লগতে পৰ্যাপ্ত সংখ্যক চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী নিযুক্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।