তীৰ্থনগৰী হাজোৰ মাজমজিয়াত শিক্ষাৰ নামত অনুমতিবিহীনভাৱে শিক্ষা প্ৰতিষ্ঠান চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হাজোৰ বিষ্ণুপুৰত থকা ‘Edu Wave Integrated School/Junior College’ নামৰ প্ৰতিষ্ঠানটোক লৈ উত্থাপন হৈছে একাধিক প্ৰশ্ন।
অভিযোগ অনুসৰি, শিক্ষা বিভাগৰ প্ৰয়োজনীয় অনুমতি, DISE Code আৰু সংশ্লিষ্ট কাউন্সিলৰ অনুমোদন অবিহনেই প্ৰতিষ্ঠানটোত শিক্ষাদান চলাই থকা হৈছে। বিশেষকৈ বিজ্ঞান শাখাৰ শিক্ষা প্ৰদানৰ নামত প্ৰতিষ্ঠানটোৱে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।
ইফালে, প্ৰতিষ্ঠানটোৰ বৈধ অনুমতি-অনুমোদনৰ বিষয়টো সন্দৰ্ভত অধ্যক্ষগৰাকীৰ বক্তব্যতো একাধিক প্ৰশ্নৰ অৱকাশ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
যদি প্ৰয়োজনীয় অনুমোদন লাভ নকৰে, তেন্তে প্ৰতিষ্ঠানটোত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কি হ’ব—সেই লৈও অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত উদ্বেগ সৃষ্টি হৈছে।
ইতিমধ্যে প্ৰতিষ্ঠানটোৰ অনুমোদন, পঞ্জীয়ন আৰু শিক্ষা প্ৰদানৰ বৈধতা সন্দৰ্ভত সংশ্লিষ্ট শিক্ষা বিভাগৰ হস্তক্ষেপৰ দাবী উত্থাপন হৈছে।
আনহাতে, প্ৰতিষ্ঠানটো পৰিচালনাৰ সৈতে দাদুল ইছলাম আৰু প্ৰাণজিত নামৰ দুজন ব্যক্তি জড়িত থকাৰ অভিযোগো উত্থাপিত হৈছে। অৱশ্যে এই অভিযোগসমূহৰ স্বতন্ত্ৰভাৱে সত্যতা পৰীক্ষা কৰাটো এতিয়াও বাকী।
কেৱল হাজোতেই নহয়, নলবাৰীতো একেধৰণে শিক্ষা প্ৰতিষ্ঠান চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অধিক তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবনে—সেয়া এতিয়া লক্ষণীয়।