Tue, 13 Oct 2026

মূল্যবৃদ্ধিৰ প্ৰতিবাদত জ্বলি উঠিছে অসম

নলবাৰী,মৰিয়নি,নাজিৰা-শিমলুগুৰি,লালুকত ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা লৈ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত‌ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা উলিয়াই আছুয়ে। প্ৰতিবাদীসকলে নলবাৰী শ্বহীদ ভৱনৰ পৰা চহৰৰ মাজেৰে শৱযাত্ৰা লৈ উলাই যায় ৰাজপথলৈ । চৰকাৰলৈ আছুৰ দাবী যাতে অতি সোনকালে সামগ্ৰীৰ মূল্য হ্ৰাস কৰে । অন্যথা পুনৰ জংগী আন্দোলনৰ হুংকাৰ দিছে আছুয়ে।

সমান্তৰালকৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিয়নি,নাজিৰা-শিমলুগুৰি,লালুকতো প্ৰতিবাদ অব্যাহত। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সৰৱ হৈ পৰা সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিয়নিতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । পিঁয়াজ, চেনি, সৰিয়হৰ তেলকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।

মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ আৰু কৃত্ৰিমভাৱে মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 03 September 2026, 05:19 PM