Tue, 13 Oct 2026

আজি কৃষ্ণ জন্মাষ্টমী

আজি কৃষ্ণ জন্মাষ্টমী । দুষ্টক দমন শান্তক পালন কৰিবলৈ ভাদ মাহৰ অষ্টমী তিথিত কংসৰ কাৰাগাৰত উপজিছিল জগতৰ সৃষ্টিকৰ্তা ভগৱান শ্ৰী কৃষ্ণ ।

আজি কৃষ্ণ জন্মাষ্টমী । দুষ্টক দমন শান্তক পালন কৰিবলৈ ভাদ মাহৰ অষ্টমী তিথিত কংসৰ কাৰাগাৰত উপজিছিল জগতৰ সৃষ্টিকৰ্তা ভগৱান শ্ৰী কৃষ্ণ ।

মথুৰা বৃন্দাবনকে ধৰি শুকুৰবাৰে দেশ তথা ৰাজ্য জুৰি উদযাপন কৰা হয় কৃষ্ণ জন্মাষ্টমী । অঞ্চল বিশেষে দুইৰ পৰা তিনিদিনীয়াকৈ জন্মাষ্টমী পালনৰ প্ৰস্তুতিও চলিছে ।

ৰাজ্যৰ সত্ৰ ,নামঘৰ, কৃষ্ণ মন্দিৰ সমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে কৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে । উত্তৰ গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষ্ণ জন্মাষ্টমী । কৃষ্ণ বন্দনাৰে মুখৰিত মন্দিৰ প্ৰাংগণ ।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মন্দিৰৰ কৰ্মকৰ্তা সকল ।

 


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 04 September 2026, 10:44 AM