আজি পবিত্ৰ জন্মাষ্টমী ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সকলো সত্ৰ-নামঘৰত চলিছে ব্যাপক আয়োজন ৷
জন্মাষ্টমী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে পালন কৰা এক পৱিত্ৰ হিন্দু ধৰ্মীয় উৎসৱ। এই দিনটোত ভক্তসকলে উপবাস পালন কৰি, নাম-কীৰ্তন, ভজন আৰু পূজা-অৰ্চনাৰ জৰিয়তে শ্ৰীকৃষ্ণক স্মৰণ কৰে।
শ্ৰীকৃষ্ণক প্ৰেম, সত্য, ধৰ্ম আৰু ন্যায়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। উল্লেখ্য় যে জন্মাষ্টমীৰ নিশা ঠিক ১২ বজাত শ্ৰীকৃষ্ণৰ জন্মক্ষণ অতি উলহ মালহেৰে উদযাপন কৰা হয়। মন্দিৰসমূহতো বিশেষ পূজা, আৰতি আৰু প্ৰসাদ বিতৰণ কৰা হয়।
অসমতো জন্মাষ্টমী ভক্তি আৰু আনন্দৰে পালন কৰা হয়। নামঘৰ আৰু সত্ৰসমূহত নাম-প্ৰসংগ, ভাওনা, কীৰ্তন আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়।
সেই উপলক্ষে আজিৰ এই পবিত্ৰ দিনটোত পুৱাৰে পৰা খোল তাল, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত সত্ৰ নগৰী মাজুলী যেন দ্বিতীয় বৈকুণ্ঠ পুৰিলৈহে পৰিণত হৈছে ৷ মাজুলীৰ 35 খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷
মাজুলীৰ প্ৰতিটো নামঘৰ আৰু প্ৰতিখন সত্ৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷