Tue, 13 Oct 2026

হাজোৰ জাপিয়াত গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু, ঘটনাক লৈ চাঞ্চল্য

হাজোৰ জাপিয়াত অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বিনোদ কলিতাৰ ৰহস্যজনক মৃত্যু। বিচনাত উদ্ধাৰ মৃতদেহ। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দলৰ তদন্ত। মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।

হাজোৰ জাপিয়াৰ কলিতা চুবুৰীত অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বিনোদ কলিতাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

বিনোদ কলিতাৰ মৃতদেহ শুকুৰবাৰে ঘৰৰ বিচনাত উদ্ধাৰ হয়। পৰিয়ালৰ সূত্ৰ অনুসৰি, নিশাৰ ভাগত পত্নীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে দুয়োকে পৃথকে শুবলৈ দিছিল।

পিছদিনা বহু সময় ধৰি বিনোদ কলিতা বিচনাৰ পৰা উঠি নহাত পৰিয়ালৰ লোকে তেওঁক জগাবলৈ চেষ্টা কৰে। ইয়াৰ পাছতে বিচনাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে হাজো আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি দণ্ডাধীশৰ উপস্থিতিত ফৰেনছিক দলেও ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ তদন্ত কৰি আছে। বিনোদ কলিতাৰ মৃত্যু কেনেদৰে সংঘটিত হ’ল, সেয়া তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত স্পষ্ট হোৱা নাই।

ঘটনাটোক লৈ পৰিয়াল তথা স্থানীয় লোকসকলৰ মাজত শোক আৰু উদ্বেগৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।


P
Priyadarshini Saikia
Published: 04 September 2026, 05:28 PM