মৰিয়নি সমষ্টিৰ ৰাইজৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ প্ৰকল্পৰ অধীনত চুঙী লাহিঙস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
তিনিখন বিছনাযুক্ত এই ডায়েলাইছিছ কেন্দ্ৰটো মৰিয়নি সমষ্টিৰ প্ৰথমটো ডায়েলাইছিছ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে। কেন্দ্ৰটো উদ্বোধন কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
বিধায়কৰ মন্তব্য়, এই ডায়েলাইছিছ কেন্দ্ৰটো স্থাপনৰ ফলত কিডনী ৰোগত আক্ৰান্ত মৰিয়নি সমষ্টিৰ বহু ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলাইছিছ সেৱা লাভ কৰিব। ইয়াৰ ফলত ৰোগীসকলক দূৰ-দূৰণিৰ চিকিৎসালয়লৈ যাবলগীয়া হোৱা আৰু চিকিৎসাৰ নামত হোৱা আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস পাব ।
অনুষ্ঠানটোত চিকিৎসা বিভাগৰ বিষয়া-কৰ্মচাৰী, জিলা পৰিষদৰ প্ৰতিনিধিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নতুনকৈ মুকলি কৰা কেন্দ্ৰটোৱে আগন্তুক দিনত মৰিয়নি সমষ্টিৰ স্বাস্থ্যখণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।